Show/Hide Keyboard Layout

অসমৰ সংগীত

উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত । অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীত সমূহৰ পৰা পৃথক কৰি চিনিব পাৰি । এই সংগীত সমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাব দেখা যায় ।

বিবিধ প্ৰকাৰৰ সংগীতসমূহ:

অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে । প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰাভাৱ দেখা যায় । তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল ।

  • কামৰূপী লোকগীত
  • গোৱালপাৰীয়া লোকগীত
  • ওজাপালি
  • ঝুমুৰ
  • বৰগীত
  • ঐনিতম
  • বিহুগীত
  • হুঁচৰি
  • বনগীত
  • বিয়ানাম
  • ভেকুলী বিয়াৰ নাম
  • নিচুকনি গীত
  • মহোহো গীত
  • জিকিৰ
  • টোকাৰি গীত
  • বৰফুকনৰ গীত
  • নাগাৰা/নেগেৰা নাম
  • আইনাম
  • অপেচৰী সবাহৰ গীত
  • জন্মাষ্টমী নাম
  • লক্ষীপূজাৰ নাম