আঁউসীৰ জোন মোৰ সমুখতে
সেমেকা চকুলো দুগালতে
নিজানৰ ৰাতি মোৰ কেতিয়াকে
পুৱাব খেলিব ৰ’দে সতে
তুমি আহিবা এদিনা
ৰং দিবা দুচকুত
মৰমেৰে বুকু ওপচাই ।
দিনে প্ৰতিদিনে
মাথোঁ মনে প্ৰাণে
আঁকিলোঁ ৰামধেনু হিয়া জুৰাই
তোমাৰ বাবেই জানা
বুকুৱে মোৰ জানা
নোশোৱে উজাগৰে ৰজনী কটায়
চকুৱে তোমাকে ধিয়ায় ।
গোপনে ফাগুনে
মন উতলালে
তুমি অহাৰ আজি বাতৰি পাই
তুমি চালেই জানা
তুমি চুলেই জানা
মেঘালী সপোনে বাগৰ সলায়
হিয়া নৈ ঢৌৱে কোবায় ।।