তুমি কোন কোন কোন কোন
পূৰ্ণিমাৰে জোন
মই সোণ সোণ সোণ সোণ
তুমি বুকুৰ আপোন
ফিৰিঙটি হৈ মৰমৰ মোৰ তেজাল সপোন
মই বৈ বৈ বৈ মই মই তোমাৰ সপোন ।
যাব খোজে চাব খোজে মনে
বুকুৰে শুৱনি কোঠা ...
মৰমকে নিচুকাবা তাতে
আৱেগেৰে ভৰি উঠা ...
হেঁপাহৰে প্ৰথম আৰু শেষতো মোৰ
নৰওঁ জানো ময়েই কোৱা ...
উশাহৰো প্ৰতিটো অহা-যোৱাতেই জানো
জানো মোকেইটো বিচাৰি পোৱা ...
না না না ...
পাখি মেলি উৰে সপোনে মনৰ
ঢৌ তুলি নাচে আশাই ...
মন ভৰি ৰ’লে মৰমেৰে
পিয়াহে ভোকেও নাখায় ...
জাগি জাগি কটাব পাৰি ৰাতিবোৰ
প্ৰেমৰে নিশাবোৰ হয় চুটি ...
কেনি যায় মনে কৰে কি নাপাওঁ বুজি
ভাবনাতে থাকে মাথোঁ উটি উটি ...
না না না ...