নৱ নৱ ব’হাগ আহে
সৰু ফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায় ।
নৱ নৱ মিলন নিশাৰ
সৰু তৰা জকেমকায়
মনে তোমাক ধিয়ায় ।
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
তুমিয়েই মোৰ আপোন বৰ
সৰগৰ সুৰ সজালাঁ ।
নৱ নৱ মোৰ ৰচনাকে
শুনোতাই গুণগুণায়
মনে তোমাক ধিয়ায় ।
ইযে ভাগ্য সু-আৱাহনী
শতবাৰ মানি লʼলোঁ
অভিজ্ঞতা উপচি পৰে
জলধিত মানসৰো
লেখা লহৰ যে ধুনীয়া
হিয়া যে ৰূপতে নাচে
মনে তোমাক ধিয়ায় ।
মুমূষু ৰিক্ত গানে
কʼত নিৰৱে ভবায়
সেই দিন যে পাৰ হৈ যায়
যি সময় নাহে দুনাই
দেখে মিলন বাসনা
অপৰূ পিয়াসে
মনে তোমাক ধিয়ায় ।