পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূন্য মোৰ বুকু হ’ল যে উকা ।
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকণি নিবিলায় ।
এই জনমৰ গুপন কথা
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা ।।