বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে

হাঁহাকাৰ শুনিও, নিঃশব্দে নিৰৱে

বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱাঁ কিয় ?

 

নৈতিকতাৰ স্খলন দেখিও

মানৱতাৰ পতন দেখিও

নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ?

 

জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেতৃবিহীনতাত নিমাত কিয় ?

 

সহস্ৰ বাৰিষাৰ, উন্মাদনাৰ

অভিজ্ঞতাৰে, পংগু মানৱক

সবল সংগ্ৰামী

আৰু অগ্ৰগামী

কৰি নোতোলা কিয় ?

 

ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক

সমষ্টি যদি ব্যক্তিত্বৰহিত

তেনে শিথিল সমাজক নাভাঙা কিয় ?

 

তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ

সেই পিতৃত্ব তেনে নাম মাত্ৰ

নহʼলে প্ৰেৰণা নিদিয়া কিয় ?

 

উন্মত্ত ধৰাৰে, কুৰুক্ষেত্ৰৰে

শৰশয্যাতে, আলিঙ্গন কৰা

ভীষ্মৰূপী

অজস্ৰ বীৰক

জগাই নোতোলাঁ কিয় ?