ভৰি পিছল খালে খামুচিবা
পিছলা মন কেনেকৈ ধৰিবা ?
দাপোণ ভাঙি গ’লে পেলাই দিবা
পিছে মন ভাঙিলে বুলি
অ’ মোৰে মৰমী
পেলাই দিব জানো পাৰিবা ?
সাগৰ সিঁচিবলে পাৰে কোনে
তৰা গণি শেষ কৰিব পাৰে কোনে
হৃদয় থাকে মানে মৰম জাগে
পিছে হৃদয় থাকিও যি
নুবুজে অনুভূতি
ভালপোৱা বুজিব কি সেইজনে ?
এনে সুখ পাই কোনে কৰিব কি
যি আনৰ দুখৰ বোজা নুবুজে
হাঁহি-চকুলো জীৱনতে থাকে
পিছে দুদিনীয়া সুখ দেখি
নাযাবা পাহৰি
হাঁহিৰ আঁৰত চকুলো নেদেখি ।
মৰম হেৰাই গ’লে কেনে লাগে
মৰম দিয়াজনে বাৰু কৈ বুজিব
চকুলো সকলোৱে দেখিব পিছে
অন্তৰে কান্দিলে কোনেনো দেখিব
মনৰ বেথা কোনেনো বুজিব ?