মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই ।
হৃদয়ে আৱেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা ।
জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে
মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে ।।