মন যায় মোৰো মন যায়

মন যায় মোৰো মন যায়

চকুত চকু থৈ চাবলে

লাহে লাহে ওচৰ পাবলে

কাষে কাষে খোজ দিবলে

মন যায় মোৰো মন যায়

চকুত চকু থ’ব মন যায় ।

 

তোমাক দেখা পালে সপোন জাগি উঠে

বুকুখনি হয় তাজমহল,

মন নদি হৈ মৰম সুতি বয়

ঢৌবোৰো তাত হয় সাঁথৰ,

সন্মুখত যেতিয়া তোমাক দেখোঁ

যাযাবৰ অভিমান মুঠিতে ৰাখোঁ

মন যায়, মন যায়, মন যায় ।

 

মোৰ বুলিবলে আছেহি বুকুত

মৌমিঠা তোমাৰে অনুভৱ,

ভয় লাগে জানা কথাৰে ক’বলে

নাম দিয়া জানো শিহৰণ,

ক’বানে কিয় এনে ভাল লগা

অসহায় অসহায় নিৰৱতা

মন যায়, মন যায়, মন যায় ।

 

উদাসী উদাসী গধুৰ পলকতে

যোৰ সপোন আহি বহে,

চুবুৰীয়া বহু শিহৰণে আহি মোক

অকলশৰীয়া ক’ৰে,

মোৰ খোজৰ বাটত ছায়া নামে

তুমি পোহৰ দিয়া, সাহনো বাঢ়ে

মন যায়, মন যায়, মন যায় ।

 

আৰু কিছু বেলি দেখা দিবা নেকি

তোমাক চোৱাৰ বতৰ এয়া,

হৃদয়ৰে বাকি তেজ সিঁচি সিঁচি

তোমাক ভবাৰ বতৰ এয়া,

দুচকুলে আহা সুৰে হাঁহে

পাৰহৈ আঁতৰা কাঁইটে খুচে

মন যায়, মন যায়, মন যায় ।

 

টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা

মন তোক কিদৰে জোৰা দিওঁ,

খেলি-মেলি বোৰে ধুই শেতা কৰা

বুকুৰ কিহৰে নো ৰং সানোঁ,

বেদনা বেদনা মোৰ ভাল পোৱা

তোমাক হেৰুৱাই পাথৰ হিয়া

মন যায়, মন যায়, মন যায় ।

 

সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে

এইয়া মোৰে শুভকামনা

লাহে লাহে আঁতৰাই আনি ল’লোঁ

ম‍ই মোক তোমাৰ পৰা

কিনো হ’ল সপোন সপোনেই ৰ’ল

সাধনা আজি যে আধৰুৱা হ’ল

মন যায়, মন যায়, মন যায় ।।