পাৰিবানে পূৰাব তুমি

বগা ছালৰ উকা কপাল

পাৰিবানে পূৰাব তুমি

ভগা হিয়া উদং কোলা

পাৰিবানে পূৰাব তুমি

পাৰিবানে পাৰিবানে ?

কোৱা ... দিব চকুলো মচি

যদি পাৰা জীৱন দিয়া

দিব শান্তি সুখ আনি

পাৰা যদি হাঁহি দিয়া

পাৰিবানে ?

 

কোন তুমি, তুমি কি বিচৰা ?

নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ ?

কোৱানা কোৱানা ।

 

দেখি শুনি আজি চকু কিয় মুদা ?

ন্যায় দিব কোনে দুহাত কিয় বন্ধা ?

ৰজা মন্ত্ৰীৰ খেল মাথো

শেষ নহয় কাৰো সপোন

টকা পইচা হে মাথো

আমি নহয় কাৰো আপোন ।

 

পাৰিবানে পূৰাব তুমি

বগা ছালৰ উকা কপাল ।

পাৰিবানে পূৰাব তুমি

ভগা হিয়া উদং কোলা ।

পাৰিবানে পূৰাব তুমি

পাৰিবানে পাৰিবানে ?

কোৱা ... দিব চকুলো মচি

যদি পাৰা জীৱন দিয়া

দিব শান্তি সুখ আনি

পাৰা যদি হাঁহি দিয়া

পাৰিবানে ?