মুকলি মুকলি, মন মোৰ বগলী

উৰি যায় দূৰলৈ, বুকুৰ ।

বুকুৰে ভিতৰত আশাৰে গজাঁলি

নতুনৰে ৰ’দ লাগি ।

লাগে ৰ’দ নতুনৰ

নতুনৰে ৰ’দ লাগি ।

 

কত দিন কত নিশা, পাৰ হ’ল মানুহৰ

কত হাঁহাকাৰ শুনি ।

উচুপি উচুপি আছে, এতিয়া বহুজনে

অলপ পোহৰ বিচাৰি ।

উটি যা, হেৰাই যা, পৃথিৱীৰ যত ব্যথা

নতুনৰে ৰ’দ লাগি ।

লাগে ৰ’দ নতুনৰ

নতুনৰে ৰ’দ লাগি ।

 

গা গা গা সা সা সা ৰে ৰে ৰে সা

সা ৰে ধা ধা সা সা সা ৰে ৰে গা

গা পা ধা ধা গা পা নি নি ধা পা গা সা ৰে

ৰা ৰা ৰা ৰা ...

 

জিল মিল জোনে আজি

ঢালি দিব জোনাক ।

এন্ধাৰৰ ৰং মচি

পৃথিৱীৰ কুঁৱলি ফালি

বতাহ কঁপাব

সৰিয়হ ফুলৰে ছবি ।

উটি যা, হেৰাই যা, পৃথিৱীৰ যত ব্যথা

নতুনৰে ৰ’দ লাগি ।

লাগে ৰ’দ নতুনৰ

নতুনৰে ৰ’দ লাগি ।

 

মুকলি মুকলি, মন মোৰ বগলী

উৰি যায় দূৰলৈ, বুকুৰ ।

বুকুৰে ভিতৰত আশাৰে গজাঁলি

নতুনৰে ৰ’দ লাগি ।

লাগে ৰ’দ নতুনৰ

নতুনৰে ৰ’দ লাগি,

নতুনৰে ৰ’দ লাগি,

নতুনৰে ৰ’দ লাগি ।