ৰিণিকি ৰিণিকি ভৈয়ামৰ ঐ

জিলিকা সেন্দুৰী ঘাটতে ৰৈ

আছেহি কোন, আছেহি কোন ?

ৰিণিকি ৰিণিকি ভৈয়ামৰ ঐ

জিলিকা সেন্দুৰী ঘাটতে ৰৈ

আছেহি কোন, আছেহি কোন ?

মৰমৰে নৈ, মোৰ মৰমৰে নৈ ।

মৰমৰে নৈ, মোৰ মৰমৰে নৈ ।

কঁপিলে কলিজাৰ ছৈ, কলিজাৰ ছৈ

কলিজাৰ ছৈ ।

ৰিণিকি ৰিণিকি ভৈয়ামৰ ঐ

জিলিকা সেন্দুৰী ঘাটতে ৰৈ

আছেহি কোন, আছেহি কোন ?

 

হাঁহিছা যদি, দুচকু তুলি

নাহৰৰ পাত, নাহৰৰ পাত ।

আহিছা যদি, চোৱাহি জুমি

বকুলৰে বাট, বকুলৰে বাট ।

চল চাই পৱনে নিলে উৰুৱাই

চল চাই পৱনে দিলে উৰুৱাই

চিনাকি লাজ, চিনাকি লাজ ।

ৰিণিকি ৰিণিকি ভৈয়ামৰ ঐ

জিলিকা সেন্দুৰী ঘাটতে ৰৈ

আছেহি কোন, আছেহি কোন ?

ইছ ...

কিমান যে কথা এই মোৰ হৃদয়ৰ

তুমি বৰষুণ এটোপাল মৰমৰ ।

 

ফুলিছা যদি, শতদল তুমি

শোণিতৰ ছাঁত, শোণিতৰ ছাঁত ।

জ্বলিছা যদি, নিয়ৰৰে মণি

মুকুতাৰে মাত, মুকুতাৰ মাত ।

ঢৌ পাই জোনাকে নিলে উৰুৱাই

মৌ পাই মৰমে দিলে উৰুৱাই ।

চিনাকি লাজ, চিনাকি লাজ ।

ৰিণিকি ৰিণিকি ভৈয়ামৰ ঐ

জিলিকা সেন্দুৰী ঘাটতে ৰৈ

আছেহি কোন, আছেহি কোন ?

মৰমৰে নৈ, মোৰ মৰমৰে নৈ ।

মৰমৰে নৈ, মোৰ মৰমৰে নৈ ।

কঁপিলে কলিজাৰ ছৈ, কলিজাৰ ছৈ

কলিজাৰ ছৈ ।

 

না না না না ...

আছেহি কোন, আছেহি কোন ?