Back

বহু ৰাতি শুব পৰা নাই

সীমান্ত শেখৰ July 2, 2025 3,902 views

বহু ৰাতি শুব পৰা নাই

বহু দিন হ’ল তোমাক দেখা নাই

বহু কথাই ক’ব পৰা নাই

মনৰ মাজতো ৰাখিব পৰা নাই

যাব পৰা নাই সেই ঠাইবোৰলে

তোমাৰ সতে একেলগে যোৱা মই

অ’ মোৰে অনামিকা

আজিও ৰৈ আছোঁ তোমালে

অ’ মোৰে অনামিকা

আজিও ৰৈ আছোঁ তোমালে ...

 

যাই আজি যাই ৰাতি যাই কন্দোৱাই

নাই আজি নাই তুমি অভিমানো নাই

তথাপি সপোনত তোমাকেই দেখোঁ সদায়

অ’ মোৰে অনামিকা

আজিও ৰৈ আছোঁ তোমালে

অ’ মোৰে অনামিকা

আজিও ৰৈ আছোঁ তোমালে ...

 

মোক আজিও তোমাৰ খবৰ সুধে বহুতে

ঈষৎ হাঁহিৰে কওঁ ভালেই আছা বহি দূৰতে

অচিনাকিৰ দৰে চিনাকী দুয়ো দুয়োৰে ...

 

বহু ৰাতি শুব পৰা নাই ...