Back

বাঁহী (মিক্স)

জুবিন গাৰ্গ January 25, 2017 2,806 views

হেৰ’ বাঁহী

তোক বৰ ভাল পাওঁ দেহি

মোৰ বাঁহী

তোক বৰ ভাল পাওঁ দেহি

তোৰ সুৰৰ আঁচল ধৰি

বহুদূৰ যাওঁ গুচি

কোনো পূৰ্ণিমাৰ ৰাতি ।

 

আমোলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে

ময়ো গুচি যাওঁ ভৈয়ামে-দৈয়াঙে ক’ৰবালে

তোৰ সুৰৰ আঁচল ধৰি

বহুদূৰ যাওঁ গুচি

কোনো পূৰ্ণিমাৰ ৰাতি ।

 

যাওঁ ৱে বা কিমান দূৰ

সুৰ পাহৰিলে, তোৰ কাষলৈকে

একেচিপে আহোঁ উভটি

তোৰ সুৰৰ আঁচল ধৰি

বহুদূৰ যাওঁ গুচি

কোনো পূৰ্ণিমাৰ ৰাতি ।।