Back

বাৰিষাৰে ঘন ঘোৰ

জ্যোতিপ্ৰসাদ আগৰৱালা May 22, 2022 1,804 views

বাৰিষাৰে ঘন ঘোৰ

বজালি প্ৰাণত মোৰ

কিনো উদাসীন সুৰ ?

পৱন অ’ উৰুৱাই তাক

নিবিনো কত দূৰ ?

 

শূইন জীৱন অ’ মোৰ

উটি যাৱ কোন ফালে

কোন আকুলতে পাবি কুল ?

 

আকাশ পৱন জোৰা

একেখনি ছবি অ’

কৰি থ’বি মোৰ এই

জীৱনকে বিয়াকুল ।।