Back

বিলত তিৰে বিৰায়

জুবিন গাৰ্গ
March 10, 2024 · 2,127 views

বিলত তিৰে বিৰায় পদুমৰ পাহি ঐ

পাতত তিৰে বিৰায় পানী

ৰ’দত তিৰে বিৰায় জীয়াঁৰে পাখি ঐ

ফুলনিত ফুলৰে ৰাণী

বিলত তিৰে বিৰায় পদুমৰ পাহি ঐ

পাতত তিৰে বিৰায় পানী

ৰ’দত তিৰে বিৰায় জীয়াঁৰে পাখি ঐ

ফুলনিত ফুলৰে ৰাণী ।

এন্ধাৰত জিলিকে জোনাকী পৰুৱা

আকাশত জিলিকে জোন

এন্ধাৰত জিলিকে জোনাকী পৰুৱা

আকাশত জিলিকে জোন

ক’লাকৈ ডাৱৰত বিজুলী জিলিকে

হিয়াত মোৰ জিলিকে কোন ?

ক’লাকৈ ডাৱৰত বিজুলী জিলিকে

হিয়াত মোৰ জিলিকে কোন ?

বিলত তিৰে বিৰায় পদুমৰ পাহি ঐ

পাতত তিৰে বিৰায় পানী

ৰ’দত তিৰে বিৰায় জীয়াঁৰে পাখি ঐ

ফুলনিত ফুলৰে ৰাণী ।

কলিজাত যি কুৰা জ্বলে ঐ জীয়া জুই

জিলিকে তাতো ঐ কেচাঁ সোণ

কলিজাত যি কুৰা জ্বলে ঐ জীয়া জুই

জিলিকে তাতো ঐ কেচাঁ সোণ

হ’বনে এনে দিন বাজিব ভগা বীণ

হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন

মোৰ হ’বনে এনে দিন বাজিব ভগা বীণ

হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন ।

বিলত তিৰে বিৰায় পদুমৰ পাহি ঐ

পাতত তিৰে বিৰায় পানী

ৰ’দত তিৰে বিৰায় জীয়াঁৰে পাখি ঐ

ফুলনিত ফুলৰে ৰাণী ।