Back

বিশ্ববিজয়ী নৱজোৱান

জ্যোতিপ্ৰসাদ আগৰৱালা May 18, 2021 1,498 views

বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান !

শক্তিশালী ভাৰতৰ

ওলাই আহা ওলাই আহা

সন্তান তুমি বিপ্লৱৰ ।

 

সমুখ সমৰ সমুখতে

মুক্তি যুঁজাৰু হুঁচিয়াৰ

মৃত্যু বিজয় কৰিব লাগিব

স্বাধীনতা খুলি দুৱাৰ ।

 

অগ্নিবৃষ্টি আহিব লাগিছে

গৰজিছে বজ্ৰপাত

শিলাবৃষ্টি ভূমিকম্প

হ’ব সহস্ৰ উল্কাপাত ।।