Back

বিশ্বৰ ছন্দে ছন্দে

বিষ্ণুপ্ৰসাদ ৰাভা
May 17, 2015 · 2,207 views

বিশ্বৰ ছন্দে ছন্দে

ছন্দে মহানন্দে

আনন্দে নাচা

নাচা তমোহৰ দেউ

নাচা ।

বন্দে বন্দে

আজি সৱ

ভকত বৃন্দে

তব চৰণ কমল

বন্দে ।

জ্বলোৱা সান্নিক

তপো হোম বহ্নি

বিনাশক এন্ধাৰ

তব জয়ী অগ্নি

বিশ্বৰ দেউলত

জ্ঞানৰ বন্তিৰ

আলোকৰে শিখা

উঠক নাচি ।

অজ্ঞান এন্ধাৰ বিনাশি

পুলকানন্দে

নাচোনৰ তালে তালে পুষ্পিত বননি

ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি

আমোল মোলে কৰে শুৱনী ধৰণী

পুষ্পিত সুবাসিত গন্ধে ।।