Back

বুকু হম হম কৰে

ভূপেন হাজৰিকা
May 3, 2022 · 1,662 views

বুকু হম হম কৰে, মোৰ আই

কোনে নিদ্রা হৰে, মোৰ আই

পুত্র হৈ মই কি মতে তৰোঁ ?

আই, তোৰে হৈ মই মৰোঁ ।

দেশৰে চন্দ্রমা, কাল এন্ধাৰে আৱৰে

অগনিকালিকা, দেহ ৰন্ধ্রে ৰন্ধ্রে চৰে ।

বজ্রসম দৃঢ় আই

চৌপাশৰে গড়

চৌপাশৰে গড় ভেদিম

কিঞ্চিতো নাই পৰ ।

যাচিম সান্ত্বনা, আই মুক্তি প্রভাতেৰে

থাপিম থাপনা, আই শোণিত তিয়াগেৰে ।