Back

বোঁৱা বোঁৱা দক্ষিণ মলয়া

জ্যোতিপ্ৰসাদ আগৰৱালা June 10, 2022 1,131 views

বোঁৱা বোঁৱা দক্ষিণ মলয়া

তটিনী গোৱা

সমীৰণে আহি পৰাণ জুৰালে

আ-হা ।

 

কোন নন্দনত পাৰিজাত ফুলে

বিলাই সুৰভি বিয়াকুল কৰে

কোন তটিনী বয়, কুলু কুলু কুলু

কুলু কুলু কুলু

কুলু কুলু কুলু কই

নিজৰি, নিজৰি, নিজৰি, নিজৰি

কোন সুৰে গান গাই ।

 

প্ৰাণ মতলীয়া কৰা আলসুৱা

ই কিনো মায়া, ই কিনো মায়া ।।