Back

বৰ্ষাৰ ঋতু ভাল পাওঁ মই

নিৰ্মলপ্ৰভা বৰদলৈ
May 15, 2019 · 1,423 views

বৰ্ষাৰ ঋতু ভাল পাওঁ মই

প্ৰতিশ্ৰুতি আছে তাত

সেউজী ৰহণ সিয়ে

সানে মাথো শুকান

গছৰে পাত ।

ধুমুহাই দিয়ে অজান পুলক

ভাল পাওঁ তাৰ গতি

মৰহা পাতৰ ঠাই নাই বুলি

উদ্যম আনে মাতি 

নতুন প্ৰেৰণা দি থৈ যায়

ধুঁৱলী হ’লেহি বাট ।

সোণাৰুৰ ফুল ভাল পাওঁ মই

কৃষ্ণচূড়াৰ মন

গাজনি বিজুলী যিমানে আছে

সিমানে জিলিকে ৰঙ ।

কাজল আকাশৰ তলতে সিহঁতে

পাতে মোহনীয়া হাট ।