Back

ভয় নাই, ভয় নাই

নিৰ্মলপ্ৰভা বৰদলৈ November 30, 2015 1,607 views

ভয় নাই, ভয় নাই

বুকুৰ তেজেৰে বন্তি জ্বলাই

আমি যাওঁ গীত গাই ।

 

সহায় নাই, বুকুত সাহস আছে

শূন্য দুহাত, মনৰ জেউতি আছে

তাৰে বাট পোহৰাই

আমি যাওঁ গীত গাই

পথ কি সঁচাই নাই ।

 

ধুমুহাৰ দৰে জীৰ্ণ ভাঙিম আমি

সূৰ্যৰ দৰে দীপ্তি ৰচিম আমি

নদীৰ দৰেই পূৰ্ণ কৰি

সৃষ্টি উজ্বলাই

ভয় নাই, ভয় নাই

ভয় নাই, ভয় নাই ...