Back

মদাৰ ফুল

বিষ্ণুপ্ৰসাদ ৰাভা
November 2, 2019 · 1,470 views

মদাৰ ফুল ৰাঙলী বোল

আদৰ তোৰ নাই হে

বৰ বঙলাত সেই ফুলে

বৰ আদৰ পাই ৰে ।

আমি খাটি খোৱা মানুহ

জাতত আমাক হীন বুলি কয়

ফুল বাবু হ’লে বৰ মন পাই

কামত হ’লে একোৱেই নাই ৰে ।

বৰ বৰ মানুহৰ বান্দৰামিয়ে

আমাৰ জোৰ নেপাই হে

আমাৰ বাহুৰ বল মগজু বুদ্ধি

দুয়ো সমান্তৰাল ৰেখা ৰে ।।