Back

মন্দিৰ দুৱাৰ খোলা

বিষ্ণুপ্ৰসাদ ৰাভা
January 28, 2024 · 1,787 views

(আজি) মন্দিৰ দুৱাৰ খোলা

বহে মিলনৰ উৎসৱ মেলা

শুনো মংগল আৰতি গান

নাচি উঠে ভকতৰে প্ৰাণ

অ’ তোৰ হ’ল যে পূজাৰে বেলা

মন্দিৰ দুৱাৰ খোলা ।

স্বাগত নৱাগত অতিথি

হিয়াত ফুলাম আসন থৈছোঁ পাতি

পুষ্পিত মন্দিৰ কানন বীথি ।

ফুলনিৰ তল সৰা

তুলি ফুল মনোহৰা

গাথিলোঁ উলাহে মালা

অ’ তোৰ হ’ল যে পূজাৰে বেলা

মন্দিৰ দুৱাৰ খোলা ।।