Back

মনৰ মৰম যদি হ’লহেঁতেন

নিৰ্মলপ্ৰভা বৰদলৈ
August 14, 2023 · 2,241 views

মনৰ মৰম যদি হ’লহেঁতেন নদী

উটাই তোমাক নিলোহেঁতেন

বাধাৰ দুকুল ভাঙি ।

ফুল যদি হ’লহেঁতেন

মনৰ সপোনখিনি

মনৰ মৰম যদি

সিচি সিচি দিলোহেঁতেন

তোমাৰ পথত আনি ।

জীৱনৰে শেতা পাতত

মৰম এধান ৰং

দুদিনীয়া পলাশ ফুলা

ফাগুনৰে বন ।

ভাষাৰে নোৱাৰি ক’ব

নীৰৱ কথাখিনি

উটাই তোমাক নিলোহেঁতেন

বাধাৰ দুকুল ভাঙি ।