Back

মাঘত দেখোঁ উৰুকা নহয়

ভূপেন হাজৰিকা
September 10, 2014 · 1,474 views

মাঘত দেখোঁ উৰুকা নহয়, তুমি নহʼলে

বʼহাগ বিহুত বিহু-ঢোল নেবাজে, তুমি নহʼলে

তুমি নহʼলে তুমি নহʼলে ।

শাৰদী পুৱা কঁহুৱা নুফুলে, তুমি নহʼলে

এন্ধাৰ পঁজাত চাকি নজ্বলে, তুমি নহʼলে

প্ৰগতিও দেখোঁ অগতিহে হয়, তুমি নহʼলে

গীত দেখোঁ সুৰীয়া নহয়, তুমি নহʼলে

তুমি নহʼলে, তুমি নহʼলে ।

বৰষাৰ আকাশত মেঘ নজমে, তুমি নহʼলে

জীৱন-লুইতখন থমকিহে ৰয়, তুমি নহʼলে

জ্ঞান-বিজ্ঞানৰ অৰ্থ নুবুজোঁ, তুমি নহʼলে

পোৱা-নোপোৱাৰ সংগ্ৰাম নুবুজোঁ, তুমি নহʼলে

তুমি নহʼলে, তুমি নহʼলে ।

জীৱনতো কোনো শান্তি নেপাম, তুমি নহʼলে

মৰণতো চাগে ক্লান্তিহে পাম, তুমি নহʼলে

তুমি নহʼলে, তুমি নহʼলে ।।