Back

মেলানি বেলাৰ বিদায় লগন

বিষ্ণুপ্ৰসাদ ৰাভা
November 7, 2015 · 2,713 views

মেলানি বেলাৰ বিদায় লগন

যেতিয়া আহিব চাপি,

উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ

হৃদয় তোমাৰ কঁপি ?

বিদায় ক্ষণত থাকিলে নীৰৱ

পাবা একোটি আভাস,

সেই আভাসে মোৰ হৃদয়ৰে

শেষ মিনতিৰ শ্বাস ।

গধূলি বেলিকা দেৱ নাম লিখা

যেতিয়া মেলিবা পুথি,

সন্ধিয়া আৰতি জ্বালি দীপ-বন্তি

গাবা নাম মালা গাঁথি,

দেৱ নাম পাহৰি মোৰ নাম সুঁৱৰি

ল’বানে এবাৰ জপি ?