Back

মোৰ আকাশত তুমিয়ে তৰা

মহেন্দ্ৰ সভাপণ্ডিত June 26, 2019 1,555 views

মোৰ আকাশত তুমিয়ে তৰা

চিক্-মিক্ আপোন পাহৰা

তোমাৰ সুপ্ত মনৰ ভাষা

মুক্ত কৰাৰ আকুল আশা ।

 

যোগতৰা তুমি আকাশী পথৰ

নিজকে বিচাৰি নোপোৱা দিনৰ ।

 

ৰাতিৰ নিজম পৰত দেখা

শুকতৰা মোৰ ৰূপৰ ৰেখা

জীৱনী মাধুৰী বিলাই যোৱা

অসীম সীমাত বিচাৰি নোপোৱা ।।