Back

মোৰ গানত জ্বলে

জ্যোতিপ্ৰসাদ আগৰৱালা
August 12, 2015 · 2,533 views

মোৰ গানত জ্বলে

শত যুগৰ কত অভিমান

মোৰ গানে বিচাৰে

চিৰ দুখীয়াৰ

চিৰ পৰিত্ৰাণ ।

মোৰ গানত গুমৰি

ভূঁইকঁপ কৰে

পৃথিৱীৰ নিৰ্বাণ

মোৰ গানৰ জুয়ে জগত পুৰিব

দুষ্কৃত সাৱধান ।

মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান

প্ৰালয়িকী মোৰ জাগিছে ছন্দ

কৃতান্ত মূৰ্তিমান

গানেৰে মই বিশ্বজীৱন

কৰি আছোঁ আহ্বান ।।