Back

মোৰ নাম অনিৰুদ্ধ

নিৰ্মলপ্ৰভা বৰদলৈ
January 23, 2019 · 1,670 views

মোৰ নাম অনিৰুদ্ধ

এক অপৰূপ সৌন্দৰ্য স্বপ্নই

মোক কৰিছে মুগ্ধ ।

এক ৰমনীয় উৰাৰ পোহৰে

উন্মনা মোক কৰে

সীমাৰ পৰিধি সমাজৰ বিধি

ভাঙি চিঙি গতি লৰে

দুৰ্গম এই পথৰ শেষতে

আকাশ স্বৰ্ণদীপ্ত ।

প্ৰতি জনতাৰ প্ৰাণৰো প্ৰাণত

ময়েই লুকাই আছো

সময় চিত্ৰলেখাই মাতিলে

অৰূপ সাজেৰে সাজো

মোৰ দুৰ্বাৰ গতিক কোনোৱে

কৰিব নোৱাৰে ৰুদ্ধ ।