Back

মোৰ ফাগুন আছেহি আহি ৰৈ

হেমেন হাজৰিকা
June 13, 2017 · 2,528 views

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে ক’বলৈ

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে কবলৈ

আছেনে সময় তোমাৰ, সমীৰৰ খবৰ শুনাৰ

অধীৰ নহ’বা অঞ্জনা, গীতৰ গভীৰ বেদনা

শুনাব খুজিছো অঞ্জনা

তুমি শুনানা, তুমি শুনানা ।

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে কবলৈ

আছে শান্ত শিষ্ট দূষ্ট কিয়, উচ্চ মধ্য তুচ্চ

আছে শান্ত শিষ্ট দূষ্ট কিয়, উচ্চ মধ্য তুচ্চ

সৌ ক’লা বগা বাট আঁওশীৰ

আছে সকলোৰে সুদ্ধ চিন

মহা সুখতো কিয়নো দুখি

দুখতো সদায়ে সুখী

এই সকলো কায়াৰে আছে ছাঁয়া, সকলো কায়াৰে ছাঁয়া ক’লা

ক’লাবুলি সবাকে কোৱানা, তুমি কোৱানা ।

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে কবলৈ

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে কবলৈ

আছেনে সময় তোমাৰ, সমীৰৰ খবৰ শুনাৰ

অধীৰ নহ’বা অঞ্জনা, গীতৰ গভীৰ বেদনা

শুনাব খুজিছো অঞ্জনা

তুমি শুনানা, তুমি শুনানা ।

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে কবলৈ

মোৰ ফাগুন আছেহি আহি ৰৈ, তোমাৰ কথাকে কবলৈ ...