Back

মোৰ বাবে

সীমান্ত শেখৰ
August 23, 2015 · 1,726 views

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা

এতিয়াতো মই তোমাৰ নহয়

এতিয়া সময় যে মোৰ নহয়

পাহৰিব খুজিও পাহৰা নহয়

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা ...

নিথৰ নিথৰ হ’ব দুচকু

হীম শীতল দেহ চাবানে বাৰু

তোমাৰ পদূলিত সোণাৰু ফুলিলেও

নাপাবা মোক আৰু বিচাৰি ফুৰিলেও

গুছি যাম দূৰণিলে অকলে অকলে

থাকিব পাৰিবা জানো নিৰলে নিৰলে

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা ...

সময়ে শিকাব সময়ে বুজাব

সময়ক জানো পাৰি দুহাতে ৰাখিব

মই নহ’লেও তগৰ ফুলিব

আহিব জোনাকী ৰাতি আবিৰ সানিব

সপোনতে জানো মোক দেখিবা কেতিয়াবা

উচুপি উঠিবা চাগে এবাৰো নেভাবিবা

মোৰ বাবে তুমি আঁজুৰি নিচিঙিবা

তোমাৰ পদূলিৰ ৰজনীগন্ধা ...