Back

মোৰ মন বাঘ যদি

ভূপেন হাজৰিকা
March 16, 2022 · 2,393 views

মোৰ মন বাঘ যদি আজি চৰাই হয়

আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয়

তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাই

মই কʼম কি?

মোৰ মাটিডৰা যদি আজি ছন পৰি যায়

আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয়

সেউজ ৰং মোক বাৰু কিয় নিদিলি ?

মই কʼম কি ?

মই কʼম কি ?

মোৰ বুকুখন আজি যদি পাল হৈ যায়

ধুমুহাই যদি তাতে সঘনে কোবায়

মই জানো মুখখন হাতেৰে ঢাকি

চিঞৰিম আকাশ কঁপাই !

মোৰ দেশখন যদি আজি আই হৈ যায়

আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয়

তই বাৰু মোৰ বাবে কৰিলিনো কি

মই কʼম কি ?

মই কʼম কি ?