Back

মোৰ সপোনৰে কথা

জ্যোতিপ্ৰসাদ আগৰৱালা
November 16, 2017 · 1,098 views

মোৰ সপোনৰে কথা

কোনে ক’লে তোক অ’ সখী কাণে কাণে

সেয়েহে আহিলি সখী আপোন মনে

মোৰ অন্তৰ বিকশজ

শুকুলা সুশুভ্ৰ শতদল সমাৰোহ

তাৰে অভ্ৰ উজলা পলাশৰে

বিনন্দ বিলাই

তাতে তোৰ নাচি লাসে বেশে

কুমকুম ৰঞ্জিত নূপুৰ সিঞ্চিত

ধৰণী উজালি কত ছন্দে বিয়পিছে

তোৰ গানে গানে ।।