Back

মোৰে ভাৰতৰে

জ্যোতিপ্ৰসাদ আগৰৱালা
September 25, 2025 · 1,974 views

মোৰে ভাৰতৰে

মোৰে সপোনৰে

চিৰ সুন্দৰ সংস্কৃতি ।

সেউজীয়া বনতে, সেউজীয়া মনতে

বিকশি প্ৰকাশি উঠা

নৱ জন জীৱনৰে অভিনৱ জ্যোতি ।

আজি শিল্পী মনৰ প্ৰণতি

আজি শিল্পী প্ৰাণৰ ভকতি

জয় অজেয় আলোকময় বিশ্বৰূপী

অনন্ত বিজয়ী

জন গণ মন মুকুতি

প্ৰণতি প্ৰণতি ।।