Back

মোৰে মন বনতে তই

জ্যোতিপ্ৰসাদ আগৰৱালা
June 24, 2015 · 2,244 views

মোৰে মন বনতে তই

কি বাঁহী বজালি

অ’ সুন্দৰ

সুন্দৰ সখা মোৰ চিৰ সুন্দৰ ।

নিশা চন্দ্ৰাৱলী

তাতে তৰাৰে দীপিকাৱলী পাতি দিলি

নিশাৰ এন্ধাৰ তই হাঁহিৰে উজলালি

আনি দিলি পুৱতিৰ অৰুণাৱলী

সুৰৰে কোঠালি মোৰ

ৰ’দালীৰে কৰি সোণোৱালী ।

অন্তৰ ভৰি মোৰ বিকশিলে কত শত

শুকুলা শেৱালি

পাহিৰে কোলাতে তুলি

তোৰ মৰম নিয়ৰৰে মুকুতাৱলী ।।