Back

যাউতি যুগীয়া

জ্যোতিপ্ৰসাদ আগৰৱালা
October 11, 2024 · 1,794 views

যাউতি যুগীয়া ধনে মোৰ অ’

প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া

মনত সোঁৱৰণি সুৱদীয়া

বুকুত ভালপোৱা অ’ মোৰ প্ৰাণ

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন ।

স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া

কল্পনা পূৰাই দিলা মোক অ’

যাউতিযুগীয়া ধন ।

বুজা নুবুজাৰে, হাঁহি কান্দোনৰে

জীৱনৰ পাতিলা মেলা মোৰ অ’

যাউতিযুগীয়া ধন ।।