Back

লাজৰ নাম ৰঙীন পলাশ

মনীষা হাজৰিকা
September 27, 2014 · 2,124 views

লাজৰ নাম ৰঙীন পলাশ

প্ৰেমৰ নাম যে আকাশ

বিৰহৰ নাম তপত মৰু

মৰমৰ নাম সুবাস ।

এই অনুভৱ ফুলৰ দৰেই

তোমাৰ পথত দিলোঁ

মোৰ অনুৰাগ এটি সুৰ কৰি

তোমাৰ কাষত থলোঁ

আশাতো নহয় ক্ষমাহীনে

চকুলোৰে ভৰা নিৰাশ ।

তোমাৰ নাম যদি জুৰি থওক

কঠিন মাটিত বোৱা

নামটি ললেই বা জিৰ্ জিৰ্

সজল বতাহ বোৱা

বেয়া পাবা নেকি

পাবা নেকি তুমি

দিবানে এধানি আভাস ।