Back

লুইতৰ আকাশত তৰাৰ তৰাৱলী

জ্যোতিপ্ৰসাদ আগৰৱালা
October 5, 2023 · 1,765 views

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ

আই নাকান্দিবি

থাপনাত তেজেৰে বন্তি দিলেহি

ল’ৰা-ছোৱালীয়ে তোৰ ।

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা

আই অ’ নুমুৱা নাই

নতুন তেজেৰে শলিতা জ্বলিছে

উজলিছে ভমকাই ।

চকুলো বোৱাই জুই নুনুমাবি

গুচকে আন্ধাৰে ঘোৰ

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ ।।