Back

লুইতৰ পাৰৰে আমি ডেকা ল’ৰা

জ্যোতিপ্ৰসাদ আগৰৱালা
January 1, 2023 · 1,966 views

লুইতৰ পাৰৰে আমি ডেকা ল’ৰা

মৰিবলৈ ভয় নাই

আই আই আই ।

মুকুতি মেধৰ মহান মেজিৰ

নেজাল ফিৰিঙতি চাই

পুৰোহিতো যদি থিতাতে আঁতৰি

ত্ৰাসতে মূৰ্ছা যায় ।

আমি আগ বাঢ়ি

ডিঙি পাতি পাতি

তেজেৰে বলিশাল

যামে বোলাই

তাহানি লাচিতে

এৰি থৈ যোৱাৰে

পৰা জননী তোৰ

দুখে বেজাৰৰে

লঘু লাঞ্ছনাৰে

আজিও নপৰিল ওৰ ।

শত কাপুৰুষ পুৰুষে সহিলেও

আমাৰ যে নসহে গায় ।

আমি ডেকা ল’ৰাই জীৱন পণ কৰিছোঁ

মোহাৰ চকুলো

অসমী আই

কলিজাৰ আই ।।