Back

লুইতৰ বলিয়া বান

ভূপেন হাজৰিকা
November 25, 2017 · 2,505 views

লুইতৰ বলিয়া বান

তই ক’লৈনো ঢাপলি মেলিছ?

হিৰ হিৰ শবদে কাল ৰূপ ধৰি লৈ

কাকনো বাৰে বাৰে খেদিছ?

লুইতৰ বুকু হেনো বাম হৈ গ’ল

গভীৰতা হেনো কিছু নোহোৱা হ’ল

বান তই সেয়ে হেনো অলিয়া বলিয়া হৈ

দুয়ো পাৰ উপচি পৰিছ ।

বান তই টিঘিল নিঘিলাবি

আশাৰে কঠিয়া নুটুৱাবি

শিশুবধ ভাওনা নাপাতিবি

ঘৰৰে চালতে শগুণক বহুৱাই

মৰণৰ সবাহ নাপাতিবি ।

হিৰ হিৰ শবদে ...

পানীৰ পাৰতে জনম আমাৰ

পানীয়েই পিতৃ শক্তি আমাৰ

সেই শক্তিৰেই বানক ৰুধিম

সহস্ৰ হাতেৰে দুপাৰ বান্ধিম

তোৰ এই শক্তিক কাঢ়ি কাঢ়ি আনি

তোকেই আমি বশ কৰিম ।