Back

শিলে শিলে ঠেকা খালে

আৰতি মুখাৰ্জী
August 24, 2019 · 2,421 views

শিলে শিলে ঠেকা খালে নিজৰাৰে পানী

এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি

ৰং দিলে সানি, ৰং দিলে সানি ।

শিলে শিলে ঠেকা খালে নিজৰাৰে পানী

এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি

ৰং দিলে সানি, ৰং দিলে সানি ।

বৰণীয়া বনৰীয়া আলসুৱা ফুলে

হালি জালি মন ঢালি কিনো কথা ক'লে

মনে যে বিচাৰে মন কোনে দিব আনি

এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি

ৰং দিলে সানি, ৰং দিলে সানি । 

বুকু জুৰ তুমি দূৰ দূৰণিৰ ৰিং

মই নামনিৰ দুখ তুমি ওখ টিং

বুকু জুৰ তুমি দূৰ দূৰণিৰ ৰিং

মই নামনিৰ দুখ তুমি ওখ টিং

টিঙে টিঙে কাৰ ৰিঙে তুলি গ'ল ঢৌ

কাণে কাণে কাৰ গানে বৰষিলে মৌ

নাচনী নিজৰাজনী কাৰ পাটৰাণী

এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি ।

শিলে শিলে ঠেকা খালে নিজৰাৰে পানী

এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি

ৰং দিলে সানি, ৰং দিলে সানি ।