Back

শুনা সেই গান

বিষ্ণুপ্ৰসাদ ৰাভা February 18, 2023 2,113 views

শুনা সেই গান

তোমাৰ হিয়াত যাৰ সুৰ

ঘুমটিত সপোন বিভোৰ

আজি জাগিব সেই সুৰ

শুনি গান ।

 

যি সুৰৰ মধু পৰশত

আখি মুদ খায় আৱেশত

হিয়া বান্ধ খায় প্ৰণয়ত

প্ৰেম ৰসে ধুই আকুল পৰাণ ।

 

যি সুৰৰ মোহিনী গুণত

আহিব সৰগ সপোনত

নাচিব বহাগী তালে তালে

বুলাব ৰঙা জেতুকা বোল ।

 

জোনায়ে বিলাব নিৰ্​মলা

দুয়োৰে শিৰত দিব ঢালি

মেলিব প্ৰণয় শিকলি

আজি কান্দিব দুয়োকে সুৰ গান ।।