Back

শ্বিলঙৰে মনালিছা লিংডো

ভূপেন হাজৰিকা
January 23, 2025 · 1,365 views

শ্বিলঙৰে মনালিছা লিংডো

তোমাৰ হাতৰ গীতাৰখনিত

হিলিবিলি মিউজিক বজাই যোৱাঁ ।

মনালিছা মনালিছা মানালিছা,

তোমাক স্ৰজিলে কোন লিওনাৰ্ডোই

কেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া ?

মনত আছেনে

দুয়ো গৰখীয়া

শ্বৰাতিৰ সুৰে সুৰে

কিন কিন বৰষুণে বৰষুণে ভিজা

শ্বিলং পিকত সেই দেওবাৰে পুৱা ।

মনালিছা তুমি আজি লাবানৰ কʼৰবাত

(আৰু) ৰাজধানী সলনিৰ পিছত আহি

হʼলোঁ এতিয়া দিছপুৰীয়া ।

ক্ৰিচেন্‌থিমাম যিমানে ৰঙা

(মোৰ) তোমাৰ সোঁৱৰণিও সিমানে ৰঙা

মনালিছা

নংপোলৈ

এবাৰ আহাঁনা ;

ময়ো যাম ছুটি পালে নংপোলৈ

মন দিম মন নিম

গীটাৰৰ সুৰে সুৰে

অদূৰ-মধুৰ কোনোবা ৰাতিপুৱা ।