Back

সন্ধিয়াৰ আকাশৰ এহালি তৰাই

অনুৰাধা দাস March 8, 2024 2,504 views

সন্ধিয়াৰ আকাশৰ এহালি তৰাই

তোমাৰ কথাকে সোণ দিয়ে সোঁৱৰাই

ৰঙীন আবেগে ভৰা সিদিনা সন্ধিয়া

তুমি মই আছিলো হৈ মতলীয়া

তোমাৰ প্ৰেমে যে হিয়া দিলে ওপচাই

আজি কিয় সেই কথা দিয়ে সোঁৱৰাই

সন্ধিয়াৰ ...

 

তুমি মই আজি আৰু নহয় আপোন

সিদিনাৰ যিটি দিন আজি যে সপোন

তথাপি তোমাৰ বাবে ৰ’ম বাট চাই

জীৱনৰ সিপাৰত নাও যে চপাই

তৰা ভৰা আকাশৰ নীৰৱ ভাষাই

তোমাৰ কথাকে সোণ কয় ৰিঙিয়াই 

সন্ধিয়াৰ ...