Back

সন্ধ্যা যেতিয়া

সতীশ দাস
September 8, 2017 · 2,045 views

সন্ধ্যা যেতিয়া

তুলসীৰ তল

এগচি চাকিয়ে পোহৰ কৰে

সাহৰ শিখাৰে

জীৱন জ্বলোৱা

শত জোৱানলে’ মনত পৰে ।

দেশৰ মাটিকে 

বুলিলে স্বৰ্গ

জীৱন জবাৰে

যাচিলে অৰ্ঘ

সেই জোৱানৰ জন্মদাত্ৰী

পূণ্য ভাৰতবৰ্ষ ।

আকাশে বতাহে

দেশৰ মাটিৰ

গৌৰৱ ৰেণু যেতিয়া উৰে

শত জোৱানৰ

শত বাহিনীয়ে

মনৰ কক্ষ পূৰ্ণ কৰে ।