Back

সপোনৰ সৰে মৌ

নিৰ্মলপ্ৰভা বৰদলৈ
October 14, 2019 · 1,930 views

সপোনৰ সৰে মৌ জিৰ্ জিৰ্ কৈ

উন্মাদ মোৰ মন বিহগী বিহগী মায়া হৈ ।

মন যায় হওঁ আজি পলাশৰ ফুল

ৰ’দ ছায়াৰ দোলনাতে দি থাকিম দোল

অ’ এটি হাঁহি হৈ

বিৰিণাৰ আঁৰতে বনগীত এটি হওঁ

গাঁৱৰে পেপাঁৰে যেন মিঠা সুৰ লৈ ।

পলাতক এই ক্ষণ এটি ভুল দুটি ভুল লৈ

আজি নাই বন্ধন আমনি আমনি লগা কৈ

মন যায় হওঁ আজি পলাশৰ ফুল

ৰ’দ ছায়াৰ দোলনাতে দি থাকিম দোল

অ’ এটি হাঁহি হৈ

সপোনৰে সৰে মৌ জিৰ্ জিৰ্ কৈ ।।