Back

সময় গতিশীল

হেমন্ত কুমাৰ দত্ত
January 7, 2023 · 2,134 views

সময় গতিশীল

নতুন সিও হয় যে

অতীত পুৰণি

ওচৰ হয় গতিতে

সুদূৰ দূৰণি

সময় তোকে ৰাখিম মই যে

ভৰাই মোৰ কৰণি

ৰচিম মই সময় পাততে

সাহৰ ন-কাহিনী

অতীত যায় বাটেৰে

তিয়াই দুৱৰি

নতুন সিও আহে যে

তাকেই গছকি

ৰাখিম ধৰি মোৰ সুৰেৰে

নতুন আৰু পুৰণি

সাজিম মই এই দুয়োৰো

নতুন সুৰ বাহিনী

নতুন সিঁ হয় যে

অতীত পুৰণি

সময় গতিশীল ।।