Back

সাৰ পাম মই

নিৰ্মলপ্ৰভা বৰদলৈ
August 21, 2017 · 2,166 views

সাৰ পাম মই পুৱতি নিশাতে

নিয়ৰ যেতিয়া সৰে

বাটৰ শুকান ধূলিক সেমেকা

যিটো প্ৰহৰে কৰে

আই মোক জগাবি আই মোক জগাবি ।

মই চাব খোজো হেঙুলী বেলিয়ে

আন্ধাৰ কেনেকৈ নাশে

ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে

কুসুমৰ কাষে কাষে

উদং বতাহৰ বুকু কেনেকৈ

মিঠা সুবাসেৰে ভৰে

আই মোক জগাবি আই মোক জগাবি ।

জানিব খুজিছো গোপন মন্ত্ৰ

সৃষ্টিত থকা আই

জানিব খুজিছো কি গীত গালে

শূন্য আঁতৰি যায়

মোৰ পণ আছে ফুলি উঠিবৰ

সূৰ্য্যমুখীৰ দৰে ।