Back

সুৰ নগৰীৰ সুৰৰ কুমাৰে

ভূপেন হাজৰিকা April 10, 2022 1,994 views

সুৰ নগৰীৰ সুৰৰ কুমাৰে

সপোন সনা ৰামধেনুৰ ৰহণ হেৰুৱাই

মিঠা মৰমৰ মিনতি শুনি

চিতালৈ আগুৱায়, ৰহণ হেৰুৱায় ।

সৰা শেৱালিৰ শুকুলা বাটত

সুৰ ৰূপ এটি হয় ।

সুৰৰে কোমল পৰশে ৰূপৰ

আনে পৰাজয় ।

এদিন নিশা পছোৱা আহিল

ৰূপ নিলে উৰুৱাই

সুৰ সুৰ বুলি কতনা বিনালে

সুৰ যে কাষতে নাই ।

মৰণৰ বাবে চগাৰ মৰম

শিখাই সাবটি লয়,

নিশাৰ শেষত চগাৰ স্মৃতিত

শিখাও নুমাল হায় ।